Assamese Poem In Assamese Language || must read 2020 || Assamese Poem

Hey everyone today we covering assamese poem in assamese language. Hope you like it thank you enjoy the poems. 

 

 

 প্ৰথম প্ৰেমৰ চিঠি 


নীলা খামৰ চিঠি'ৰ শাৰী

কোনোৱা  উপন্যাসৰ উফৰি  ফুৰা বাক্য

অথবা ৰোমান্টিক কবিৰ কবিতাৰ পংক্তিক

আত্মস্থ কৰি বন্ধ ঘৰত 

মনৰ দুৱাৰ খিৰিকি খুলি

আবেগ আৰু উত্তেজনাৰে আৰম্ভ কৰিছিলো

প্ৰথম প্ৰেমৰ চিঠি


যিকোনো চৰ্তত

শব্দৰে আজুৰি  আনিম

তোমাৰ কলভিলিয়া কলিজাঙ্গঙ্গ


কতবাৰ পঢ়ি 

ফালি ছিৰি মাৰ্বলৰ দৰে কৰি

দলিয়াই দিছিলো

মোৰ সেউজীয়া সপোনৰ

ভাৰবোৱা শব্দবোৰ। 


এনে বহু চিঠিৰ প্ৰথম আৰু শেষ

সাক্ষী আছিলো মই


এখন চিঠিৰ পৰা অন্য এখন চিঠিলৈ

এক অসীম যান্ত্রনাৰ দূৰত্বঙ্গঙ্গ


প্ৰথমবাৰ উপলদ্ধি হৈছিল

শব্দৰ যে ইমানেই প্ৰবল শক্তি

শব্দই লৈ যাব পাৰে অনুভূতিৰ অৰন্যলৈ

যি গঢ় দিয়ে জীৱনৰ সাঁকো


মোৰ কাৰনে আজিও আশ্চর্য

কেনেকৈ সাধাৰন বন্ধ খামত

উজানৰ  পুঠিমাছৰ দৰে

জাকি মাৰি গৈছিল

মোৰ যৌৱনৰ আবেগ-অনুভৱবোৰ

               গংগামোহন মিলি

 

 

কবিতা


জোন হৈ থাকিলা

ঢুকি নেঁপাও আৰু আকাশ


ফুলকলি হৈ থাকিলা

দিৱস ৰজনী জুৰি

সুবাসিত আশা

উজাগৰ  যামিনী


নদী হৈয়ে থাকিলা

অশ্ৰুৰ  দৰে স্মৃতিৰ দৰে

চকুৰ জোনাক এধাৰি


এনে এটি গধূলিতে 

শেৱালি ফুলা পদূলিত

তুমি তুমি গোন্ধাইছিল বতাহ


জোন হৈয়ে থাকিলা

ওৰে বছৰ

সুৰ হৈয়ে থাকিলা

গুন গুন ওঠতে ওৰে বছৰ।। 

            প্ৰেমনাৰায়ণ নাথ

Previous
Next Post »