ৰৌদ্ৰ কামনা and তোমাৰ কাৰণে || Assamese Poem



ৰৌদ্ৰ কামনা


উজাগৰ ৰাতি 

সপোন দেখিছো  মই

ফুল-আলসুৱা তোমাৰ মূখৰ

শইছ-সোনালী হাঁহি। 

অযুত তৰাৰ ঘোমতি ভাঙি যেন

সূর্য আহিছে নামি।


 তোমাৰ কাৰণে


যি কলা মই ঘূৰাই ক'ব নোৱাৰো

কথা দি ৰাখিব নোৱাৰো

তুমি জানো পাৰা। 


ৰাখিব পাৰা। ৰাখিব পাৰা। 

নিজৰ বাহিৰে কোনেও কাৰো 

কথা নাৰাখে। 


আত্মহত্যা কৰিলো বহুবাৰ। 

সমূখতে শ'বোৰ


তোমাৰ কাষলৈ অহা। 

হাতে ভৰিয়ে টানে 

চকুৱে ফাকি নিদিয়ে

চাই থাকে মোৰ কবিতায়। 

এই চকু দুটা দিব পৰা হ'লে

কিদৰে ছাঁলাহেতেন তুমি। 


তোমাক দেখাৰ আগতে

মোক দেখিছিলো  

তোমাক দেখাৰ আগতেও

চাইছিলো চকুৰ ফালে। 

                      অৱনী চক্ৰবৰ্তী

 To enjoy more assamese poem you can check our popular post CLICK HERE
Previous
Next Post »