Today we
are going to cover the following...
1. Assamese romantic poem
For more romantic poem you can CLICK HERE.
|
|
পুৱা
গহীন পুৱতী নিশা, নিতাল জগত
ক’তােনাই জোনাকৰ চিন;
নিমাত বিশ্বৰ বাঁহী, নিজম চেতনা
সুৰ-ভুলা জীৱনৰ বীণ।
জীৱনৰ যুঁজ এৰি কাম-কৰ্ম্মী দুয়াে
“তাইছে যুঁজৰ ভাগৰ;
বিয়পি অসীম বিশ্ব আন্ধাৰ এলাহ,
গতিহীন স্থিতি জগতৰ।
কোনােবা দেশৰপৰা ধীৰ সোঁত বলি।
আহিছে এখনি জুৰ নৈ;
ৰিণিকি ৰিণিকি এটি নীৰৱ কবিতা
বাজিছে বুকুত ৰৈ ৰৈ।
জোনাক জোনাক বুলি জীৱন বিচাৰি
আন্ধাৰত প্রকৃতি আতুৰ;
জোনাক-জীৱন খুজি ওপঙি ফুৰিছে
নিফুট আকুল এটি সুৰ।
কাতৰ সুৰত পমি নিয়ম-বিহোতা
প্ৰকৃতিৰ প্ৰবােধি মনক
দিবলৈ মনে মনে জোনাক-জাননী
পাচিছে পুৱাৰ বতাহক।
স্বৰ্গৰ বাতৰি পাই অপেক্ষি জোনাক
প্ৰকৃতিৰ উত্ৰাৱল চিত;
বহিছে শীতল বায়ু, নাচিছে লতাই
ফুলকলি হাঁহিছে থুপিত।
দুটিমান জোনাকৰ সােণােৱালী ৰেখ
লাহে লাহে ভৈয়াম নামিছে;
সৃষ্টি-পাতনিৰ সেই জীৱন্ত ছবিটি
ঘূৰি আহি ভূমুকি মাৰিছে।
লােকালােক সাগৰত উটিবুৰি ফুৰা
জীৱনৰ পৱিত্ৰ ভাৱটি;
আধা আলাে আধা ছাঁত ফুলো ফুলো কৰি
প্রকৃতিক ধৰিছে সাৱটি।
জিলিঙনি এটি আহি পদুমবনত
স্বৰগৰ ৰহণ ঢালিছে;
অকলশৰীয়া দুটি পদুমকলিয়ে
চুমা খাই হালিছে-জালিছে।
স্বৰ্গৰ জেউতি দেখি ৰাজহাঁহযুৰি
প্ৰেমৰ আলচ ভুলি গৈ
চিত্ৰৰ পুতলী প্রায় আছে থৰ লাগি
ইটিয়ে সিটিক চাই ৰৈ।
আকৌ ঘুমটি ত্যাজি নিজম চেতনা।
লাহে লাহেসজাগ হইছে
পাহৰা সুৰটি ঘূৰি বজাবৰ গুণে
বীণখনি হাতত লইছে।
ষা অনন্ত কাল জ্ঞানৰ পােহৰ
জ্যোতির্ময়ী জোনাকী সৱিতা;
বজোৱা অনন্ত কাল পঞ্চমত তুলি
বীণাপাণি কোমল কবিতা।