Modern Assamese Poem :: আঘােণৰ কুঁৱলী 2021

 


আঘােণৰ কুঁৱলী


কেশৱ মহন্ত

আঘােণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি,

একোকে নমনি।

কুঁৱলীনথকা হ'লে দেখিলােঁহেঁতেন বা

পতা-সােণবৰণীয়া ধানৰ আঁচল,

দেখিলােঁহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ

আঙুলিয়ে মুঠি মৰা

কে কে চিকমিক খৰ কাচিবােৰ,

দেখিলােঁহেঁতেন বা খােপা বন্ধা মূৰবােৰ

ওপৰলে’ তুলিবৰে সময় নােপােৱা।

দেখিলােহেঁতেন বা পতা-মােণ পথাৰত

লঘু পৰিহাসময়

হাঁহিবােৰ তেল-হালধীয়া!

অলপ দূৰৰপৰা নােচোৱাৰ ভাও ধৰি

চাবওতাে পাৰিলােহেঁতেন।

এইজাক দাৱনীৰ মাজতে আছিলে নেকি

সেউতীও মােৰ ?

আঘােণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি,

একোকে নমনি।

তথাপিও নােৱাৰিনে গম ল'ব বাৰু

এমােকোৰা তামােলৰ পিৰঙা ওঁঠে ওঁঠে

সােতৰ বছৰ হােৱা “মােক তােল আঘােণৰ

ডালিমী দাঁতত

ডাঙৰি বন্ধাৰ লগ বিচাৰি, বিৰিঙা

তেল আৰু হালধিৰ

যাঃ' বুলি ঠেলা মৰা খি-খি হাঁহি ?

আঘােণৰ কুঁৱলীয়ে কৰিছে আমনি।

আঘােণৰ পথাৰৰ দাৱনীৰ কাম আছে।

মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি,

কাম আছে,

আঘােণৰ পথাৰত কাম আৰু কাম।

আঘােণৰ আকাশেদি কোনােবা বিললে’

মন কাঢ়িবন-হাঁহ জাকি মাৰি গ'ল।

আঘােণৰ আকাশত উৰুলিৰ ৰাগি আছে,

ৰাগি আছে,

আঘােণৰ আকাশত ৰাগি আৰু ৰাগি।

আঘােণৰ বাটটোহে কুঁৱলীৰে ঢকা,

মন-হাঁহ খেদি খেদি বন শেষ হল

আঘােণৰ কুঁৱলীয়ে বাট ভেটি ল'লে

(বৌদেউ,

আপুনিযে কৈছিলে সেউতীৰ কথা !

মােৰ কথা সেউতীক কৈছিলে জানাে?)

আঘােণৰ কুঁৱলীত ধাননি লুকালে

আঘােণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে

আঘােণৰ কুঁৱলীতে সেউতী হেলে

ডাঙৰি বান্ধিম বুলি তৰা-জৰী তােলাতে থাকিল...

Previous
Next Post »