কবিতাহীনতাৰ কবিতা
বৈদ্য ব্রাইট বুঢ়াগােহাঁই
এতিয়া ক'তাে কবিতা নাই
চৌদিশে জ্বলিছে দেশ কাল মানুহ
তাৰ মাজতে দুই-একে লিখি আছে আখৰ
তাকে পঢ়ি ভাবি আছে।
থাকিব নে মাত কথা
অনাখী আয়ে দিয়া ভাষা অসমীয়া
শিপা দ গছৰ উভলাৰ ভয় নাই
হেলাৰঙে শুনিব ধুমুহাৰ গান
জ্বলি জ্বলি শেষ হৈছে এখন এখন অৰণ্য
থাকিব নে গছৰ সেউজীয়া টান
আছে মানে মানুহ উশাহ অম্লজান
এতিয়া ক'তাে কবিতা নাই
খােজে প্রতি অবহেলা
ৰাজপথত চিঞৰ বাখৰ
ৰজাঘৰে নুশুনে ডেকাহঁতৰ আন্দোলন
ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিল বনৰ পৰা
হেনাে ই গণতন্ত্র, জনতা জনার্দন।
ঘৰ সােমাই পালন কৰা দিৱস উদ্যাপন
এতিয়া ক'তাে কবিতা নাই।
দি আছে কবিতা সমদলৰ শেষত
এতিয়া ক'তাে কবিতা নাই।
যদি আছে কবিতা অৱহেলাৰ শেষত
এতিয়া ক’তাে কবিতা নাই।
যদি আছে কবিতা চকুপানীৰ শেষত
এতিয়া ক'তাে কবিতা নাই।
যদি আছে কবিতা কবিতাৰ শেষত... |
|
|
চকুলাে
সৰি নপৰা চকুলাে
চকুৰে মনিব নােৱৰা
দূৰৈৰ পাহাৰৰ খলা বমা
চকুলাে মাথোঁ
চকুলাে নহয়।
ইসুখ-দুখৰ দস্তাবেজ
জীৱন পৰিক্ৰমাৰ
আঁৰ চকুৰ আঁৰত থাকি যায় চকুলাে
চকুৰ পতাত আঁকি থৈ
মনৰ হুমুনিয়াহ
নেদেখা লােতকে ভৰা চকুযুৰিৰ
চকুলাে
নেদেখা নৈৰ বােৱঁতী পুঁতি
কোনেও নেদেখাকৈ
বালিচৰত মুখ গুজি বৈ থাকে
সজাল ধৰা কঠীয়াডৰাৰ ৰঙে
দুচকুত ৰহণ সানিলে।
দুখৰ বাৰিষাৰ ধল
সুখৰ জুৰিটি হৈ বয়
সুখৰ চকুলােৱে
গহন বননি তিয়াই
অভিনয়ৰ চকুলাে সৰে
ভিতৰখন আন্দোলিত নকৰাকৈ
কি এনে গুপুত কথা থাকে
চকুলােৱে ফৰকাল কৰে
অযথা ডাৱৰ
মচিব পাৰিলে এটোপাল হলেও
চকুলাে আনৰ
সুখ নিগৰিব দুগাল তিয়াই ।
ConversionConversion EmoticonEmoticon