কুলিজনী
=====
হিয়াভঙা সুৰ এটি লৈ
আকৌ আহিলা তুমি বসন্তৰ জাননীলৈ
ক'ৰ পৰা আহিলা যাযাবৰী তৃষ্ণাতুৰ
পথিক হৈ; অমোঘ নিবিড় নিশাৰ
নিস্তব্ধতা ভংগ কৰি জগায় তােলা
বসন্তৰ আহ্বান ।শাত পৰেনে তােমাৰ
মনপ্রাণ এই হিয়া ভগা বিনীত। শান্তি
দিয়েনে অসমৰ প্ৰকৃতিয়ে , কি অনুভৱ
কৰা বাৰু বছৰত এবাৰ আহি!! প্রবাসী
বায়ুয়ে আহত কৰে নেকি বাৰু তােমাৰ
দেহ মন এইকেইদিনত। বৰকৈ মনত পৰে
চাগে আমাৰ ঠাইখনলৈ। অহ! আৰু এটা
কথা আমাৰ দৰে সিবিলাকেও পাইনে তােমাৰ
সুৰৰ উমান মানে তুমি য'ৰ পৰা আহিছা ।
চাইনে জুমি জুমি আমাৰ দৰে ক'ত বহি
জনাইছা হিয়াৰ বতৰা ??
আহৰি নাই জানা ব্যস্ত জীৱনত তােমাক
এবাৰ চাবলৈ যান্ত্রিকতাই গ্রাস কৰিছে
মানুহক ।
এতিয়াহে উপলব্ধি কৰিছাে
যদি হ'লাে হয় তােমাৰ দৰে
মুক্ত বিহংগ ; ঈর্ষা হয় মনত
তােমাৰ দেখি প্রশান্তিৰ
জীৱন ৷৷
ConversionConversion EmoticonEmoticon