3+ wired Assamese Love Poem best of 2021 || ভালপোৱা, আন্ধাৰত তােমাৰমুখ

Today we are covering in this post

·        *     Assamese Love Poem

·         *    Assamese Sad Poem

 

 

 

 ভালপোৱা


 ভালপোৱাৰ সংজ্ঞাই নাজানিছিলো দেখোন মই,

প্ৰেম বাউলী আপুনিয়েই   কৰা নাছিল জানো মোক..?

মুক্ত পখিলী আছিলো মই,

নিজৰ মৰমৰ মাজত আপুনিয়েই আৱদ্ধ কৰি ৰাখিছিলছোন  মোক..

বাস্তৱতে জীয়াই আছিলোটো মই ,

ৰঙীন  সপোনবোৰ  আপুনিয়েই  দেখুৱাইছিলহিছোন মোক..

কাৰোৰে হোৱাৰ কথা ভৱাই নাছিলো ,

তোমাৰ হ'ম বুলি প্ৰতিশ্ৰুতি আপুনিয়েই দিছিল  দেখোন মোক ..

অবুজনেই  আছিলো মই ,

আজলী জনী মোৰ..একো নুবুজা তুমি বুলি  আপুনিয়েই সকলোবোৰ বুজাই দিছিল দেখোন মোক ..

সোনকালেই শুই গৈছিলো,

তোমাৰ মাত নুশুনিলে টোপনি নাহে বুলি কৈ ওৰে নিশা সাৰে থকাৰ অভ্যাসটি  আপুনিয়েই দি থৈ গৈছিলছোন মোক..

হৃদয়খন কাকো নিদো বুলি ভাৱি থাকোতেই ,

নিজত কৈ বেছি আপোনাক ভাল পাবলৈ আপুনিয়েই শিকাইছিলছোন মোক,

পিছে..

ভালপোৱাবোৰত আঘাত সানি বিশ্বাসঘাতকতাৰ নাম্‌নো কেনেকে দিয়ে?

সেইয়াওঁ আপুনিয়েই শিকাই থৈ গ'ল দেখোন মোক...

                              শব্দপ্ৰিয়া(হিমাদ্ৰী)

 


 আন্ধাৰত তােমাৰমুখ


বতৰে কঢ়িয়াই আনা

খেলিমেলি ভাবৰ ডালত ওলমি থাকোতে

তােমাৰ মুখখনি

অকস্মাতে আন্ধাৰতে দেখা যেন পাওঁ

প্ৰতিটো বতৰে

সলাই, সজাই

পুৰণিক নতুন কৰোঁতে

নতুন নতুন হৈ নাথাকে

বতৰত গছে-পাতে বৰণ সলাতে

জুতি লগা সাৱাদৰ জুতিও সলনি হয়

বতৰ বাগৰি জাৰ গ'লে

জাৰৰ কথাটো

জাৰৰ চন্দুকত

সামৰি-সুতৰি থওঁ

জহ গলে।

জহৰ কথাটো সেইদৰে

সামৰি-সুতৰি থওঁ

জাৰে-জহে সলনি নােহােৱা

তােমাৰ মুখখনি

আন্ধাৰতে, কিদৰে

দেখা পাওঁ।

 

 

প্ৰেমৰ স্তৱক


তােমাৰ কলডিলীয়া খােপাৰ

কঠলুৱা - চপাৰ গােন্ধটো

কঁচুগাঁথি লগাই ওলােমাই ৰাখিছাে

মােৰ স্মৃতিৰ এলবামত

কাঁছৈৰে ফণিয়াই প্রেমৰ জট

বাঁহটো কটালি ৰাখিছাে

তােমাৰ বাবেই

কষটি শিলত ঘাঁহ চাওঁ

তােমাৰ প্রেম

কণ্ঠত নিঃসৃত হয় কবিতাৰ স্তৱক ও

পখীৰ কণ্ঠত সােণালী ঊষা

যেন সুৰৰ কাকলি

মােৰ গর্ভিনী মনত

জীপাল হৈ আছে।

ফুলশয্যাৰ নিশা

হৃদয়ে হৃদয় চিনাৰ

অসংবৃত আদিমতা

পুৱাৰ কুন্দত কটা সভ্যতা

 

 

তোমাৰকাৰাগে


যি কলা ঘূৰাই ক’ব নােৱাৰাে
কথা দি ৰাখিব নোৱাৰাে
তুমি জানাে পাৰা।
ৰাখিৰ পৰাি। ৰাখিব পাৰা।
নিজৰ বাহিৰে কোনেও কাৰাে
কথা নাৰাখে।
আত্মহত্যা কৰিলো বঙ্গবাৰ।
সমুখত শবোৰ
তােমাৰ কাষলৈ অহ্য।
হতে ভৰিয়ে টানে
কুরে কঁকি নিদিয়ে
চাই থাকে মোৰ কবিতাই।
এই চকু দুটা দিৰ পৰা হ'লে
কিদৰে চালাহেঁতেন তুমি
তোমাক দেখাৰ আগতে
মােক দেখিছিলো
তোমাক দেখাৰ গগতেও
চাইছিলাে চকুৰ ফালে
সু-কোমল
যি মােৰ সপোনৰ দৰে নহয়
সেই সকলাে স্পর্শ
অনুৰ পাছতাে
মই মােক উলিয়াই
আনিব পাৰাে
নেচাও বুলি নাচাৰ পাৰৰ

 

 To enjoy our best Assamese Love Poem you can CLICK HERE.


Previous
Next Post »