Today we are going to cover in this post...
|
|
বান্ধবী
আজি তোৰ লৈ
বৰ কৈ মনত পৰিছে অ,
অতীতত খেলা খেলবোৰ ছোন
বাৰুকৈ আমনি কৰিছে আজি অ
তোৰ লগত থাকি
হাহিব সিকিলো
বিদ্যালয়ৰ প্ৰথম দিনটো পৰা
এডাল বন্ধুত্বৰ এনাজৰী ডাল
ইমান থুনুকা নাছিল
ভাঙি যাবলৈ
কিন্তু সেই বন্ধুত্ব আজি
ক'ত হেৰাই গল অ,
তোৰ লগত কটোৱা প্ৰতিদিন
মধূৰ ষ্মৃটি সব
জনা নাছিলো এনাজৰী ডাল
তই ভাঙি পেলাবি বুলি
ভবা নাছিলো আমাৰ বন্ধুত্বৰ
ইমান থুনুকা বুলি
ভাল লাগিল বন্ধুত্বৰ মূল্য কি
শিকাই থৈ গলা।।
হিৰা মনি গগৈ
|
|
দেউতাক আৰু সৰু লৰা
হে ৰৌ বোপাই
আমাৰ বুঢ়া কালৰ লগৰি হবি নে
নালাগে বিলাসিতা খোৱাব পিন্ধাব
আমাৰ লৰা হৈ আমাক
চালেই হব অ বোপাই
সৰু ঘৰৰ লৰা হৈ
ডাঙৰ সপোন দেখিবলৈ
নালাগে অ বোপাই
পঢ়ি শুনি ডাঙৰ মানুহ হবলৈ
খেতি কৰি দুবেলা দুমুঠি
খোৱাব পাৰিলে হব অ বোপাই
নালাগে আনৰ টকাৰে
ধনি হবলৈ
নালাগে আনৰ পিঠাৰে
বিহু পাতিবলৈ অ বোপাই
আমাৰ বুঢ়া দিনৰ সাহস হবি নে
অ বোপাই
হে ৰৌ,
বোপাই এদিন এটা কাম কৰি চাবি চোন
এদিন বুঢ়া আঙুলিটোৰ অবিহনে কাম কৰি চাবি চোন
তেতিয়াহে বিজিবি অ বোপাই
তেতিয়াহে বিজিবি
যেতিয়া হাহিবলৈ আৰু কবলৈ কোনো নাথাকিব
তেতিয়া বাৰুকৈ বিজিবি
দেউতাৰ অভাৱ কি?
হিৰা মনি গগৈ
|
|
ConversionConversion EmoticonEmoticon