Today we
have covered in this post respectively
·
Assamese
Kobita
·
Assamese
best Poem
এনাজৰী
এডাল এনাজৰী
য'ত আছে
মৰম সাহস বিশ্বাস
সৰু সপোন বোৰ তাত
বান্ধি ৰাখিছো
মৰমৰ এনাজৰী ডাল
বৰ থুনুকা অ
চিগি গলে
জোৰা নালাগে
এডাল বন্ধুত্বৰ এনাজৰী
য'ত থাকিব
খং কাজিয়া অভিযোগ
কিন্তু কেতিয়াওঁ
ভাঙি নাযায়
এই মধুৰ এনাজৰী ডাল
হিৰা মণি গগৈ
|
|
মা
মা তুমি অনন্যা
জীৱনৰ প্ৰথম পথ
তুমিয়ে দেখুৱালা
সময়ত তুমি
কি পালা
কাৰোবাৰ পৰা
দুখ কষ্টৰ যান্তনা
দহ মাহ দহ দিন গৰ্ভত ৰাখি
জন্ম দিলা
বুকুত সোমোৱাই
মৰম দিলা
বিনিময়ত একো
নিবিছাৰিলা
পৃথিবীৰ সুখ বোৰ
তোমাৰ মাজতে বিচাৰিলো
জীৱনৰ প্ৰথম খোজকাঢ়ি
তোমাৰ হাতত ধৰিয়ে সিকিচিলো
ধুপোক থাপাক খোজ কাঢ়োতে পৰিছিলো
মই দুখ পাম বোলি চিঞৰি উঠিছিলা
মানুহক সন্মান কৰিব
তোমাৰ পৰাই সিকিলো
অ,আ ক খ
তোমাৰ পৰাই সিকিলো
থুনুক থানাক মাতেৰে
সিকিলো মা বুলি মাতিব
মা তুমি সঁচায়
মমতা।।
হিৰা মনি গগৈ
এ
|
|
1 Comments:
Click here for Commentsval lagil pohi.. olop xomoyor babe otitot xumai porisilu. sokur paniu noir dore bobo dhorisil. kintu naai, otit aru nai... xei xunali jibon bure bor amoni kore. xosai bor amoni kore,,,,
ConversionConversion EmoticonEmoticon