Best Assamese Poem Lyrics Collection :: Assamese Poetry 2021

 

Hello, everyone today I will provide you the followings...

·         Assamese Poem Lyrics Collection

·         Assamese Romantic Poem 

 

 

তােমাক এটা কথা কম

পিংকী বৰা

তােমাক এটা কথা কম বুলি

চিনাকি হােৱাৰে পৰা ভাবি আছে।

নিদ্রাবিহীন দুচকুত, যেন

মুকুতাৰ মালাৰে টলবল কৰিছে।

কিদৰে কম

তােমাক ক'ব নােৱৰা এটি কথা

মােৰ ওঁঠৰ পৰা সৰি নপৰাৰ বাবেইতে

যন্ত্রণাবােৰ বুকুতে বান্ধি

অপেক্ষা কৰিছো তুমি অহালৈ

যন্ত্রণাবােৰৰ মাজত সুখৰ স্মৃতি বিচাৰিলে

তােমালৈ বৰকৈ মনত পৰে।

শৰৎ ভাল পােৱানে?

তুমি শেৱালি সুবাসেৰে

বিলাই যােৱা মােৰ

সুখৰ সেউজীয়া,

স্বপ্নৰ গুলপীয়া, হেঁপাহৰ

কুমলীয়া পাত।

কেনেদৰে বুজাওঁ তােমাক

অকলশৰীয়া হৈ পৰিলে

তােমালৈ মনত পৰে বুলি ?

তােমাৰ ব্যস্ত জীৱনৰ

অলপ সময় মােক দিয়া যদি

সুখৰ হাঁহি লাগি থকা তােমাৰ ওঁঠত

কোনও নজনাকৈ

মােৰ দুখৰ ওঁঠ গুজি দিম

আলফুলে আশাৰ

আখৰৰ উতনুৱা হেঁপাহৰ

ৰং সানি

কথা দিব খােজোঁ

তােমাক এটা কথা কম আজি। .

 

 দুপৰ ৰাতি

প্রজ্ঞানজ্যোতি

দুপৰ ৰাতি শুবলৈ লৈ

মই তিনিবাৰ খজকৈ উঠি বহিছে

প্ৰথমবাৰ এনে লাগিছিল।

হঠাৎ যেন গড়া খহাদি খহি পৰিছে।

বুকুত ভৰিতলৰ এচপৰা মাটি

দ্বিতীয়বাৰ নীলমণিৰ কৰুণ উচুপনিটো

ডিঙিত আহি লাগি ধৰিছিল

তৃতীয়বাৰ সপােন দেখা নাছিলোঁ

পদূলিয়েদি পাৰ হৈ যােৱা ল'ৰাহঁতৰ

চিঞৰটো শুনিছিলোঁ—

আ ঐ আহ ওলাই আহ

আহ ঐ আহ ওলাই আহ

ইয়াৰ পাছত আৰু শুব পৰা নাই

থৰথৰকৈ কঁপি আছে |

 

 মােৰ বন বিনন্দীয়া আই

প্রমােদ কুমাৰ দত্ত

আমন-জিমনকৈ নৈখন পৰি আছে।

ডিঙি মেলি মেলি কান্দিছে কুৰুৱাই

উগুল-থুগুল ক’তাে নবহে মন

গকুলে টেকীৰ পনিয়লৰ থােৰাত গুল লগাইছে

ডাৱৰীয়া বতৰৰ ৰ'দ চেৰেঙা সহিবলৈ টান।

কাঠনি, বাঁহনি বুলিব পৰাকৈ নাই

গছৰ মূঢ়াৰ গজালি ওলাই

দেখাত বৰ শুৱনি হৈ পৰিছে

ফুলাে নুফুলােকৈ বনৰীয়া ফুল

নৈৰ গৰা শুৱনি কঁহুৱা বিৰিণা

আই তােৰ সাদৰী মাতত সাৰ পাই

বনৰীয়া চৰাইৰ বন বিনন্দীয়া সুৰ

শুকুলা চুলি মেলি মেঘালী আহিন আহি

সৰাপতে সকীয়ায় সুৰে সুৰে ঢৌ খেলি

মােক তােল মােক তােল শেৱালিৰ মিচিকিয়া হাঁহি

নৈ পানী বাঢ়িলে নৈ উন্মনা হয় উদাৰতা বাঢ়ে

গছ বুঢ়া হলে শুৱনি হয় সাৰ বাঢ়ে

বয়স বাঢ়িলে বুদ্ধি বাঢ়ে জ্ঞান বাঢ়ে

পানীৰ ধাৰত পৰি নল-খাগৰি কঁপিছে

কথাৰ ফঁাচ লাগি মানুহবােৰ কঁপিছে।

ৰাতিপুৱাতে টোকোৰা চৰাইজাকৰ চি-চিয়নি

নিৰাপদ বাঁহ ধুমুহাই ভাঙিলে

তিয়ঁহৰ জালি যেন দেহ জিলিকা বতৰ

ফুলৰী ধান গাখীৰতী হ’ল

ভলুকা বাঁহৰ ঘন গাঁঠি থাউকাল পবালি পবালি ।

 

আকাল

আবেদুৰ ৰহমান

সৰুতে সাধুকথাৰ দৰে শুনিছিলোঁ

আকালৰ কাহিনী

আতাহঁতৰ খালী আতাল

ভেঁকুৰে ধৰা ভাৰী

জাতিবাঁহৰ ফুলগুটি সিজাই খােৱাৰ কথা

আকাল আছিল দুবেলা দুমুঠিত

আকাল আছিল পুহৰ ৰাতিৰ কঁপনিত

আকাল আছিল খােৱা পানীটুপিত

যদিওবা আকালে আগুৰি ধৰিছিল

আকাশ আছিল আমাৰ

পথাৰ আছিল আমাৰ

বতাহজাক আছিল আমাৰ

আকালৰ দিনতাে মৰমবােৰ আছিল আমাৰ

আকাল গুচিল অভাৱ আহিল।

আমাৰ আকাশখন সী থ’লে বনিয়াৰ দালালে

পথাৰবােৰ পট্টাত বিক্ৰী কৰিলে বনিয়াৰ দালালে

বতাহজাকক ভগালে বনিয়াৰ দালালে

নৈবােৰক বান্ধিলে বনিয়াৰ দালালে

আকাল আতালত উঠিল

অভাৱবােৰ কিলবিলাই ফুৰিছে

সন্তর্পণে সােমাই পৰিছে।

আমাৰ মন-মগজু আৰু চেতনাত। 


 

  

                                                    THANK YOU

Previous
Next Post »